18/06/2026
●●●জুবিনৰ ফটো●●●
(Share কৰিব পাৰিব)
গণেশগুৰি উৰণসেতুৰ গাত জুবিন দাৰ ছবিখন নোহোৱা হোৱাৰ খবৰটো শুনি মনটো সঁচাকৈয়ে বিষাদেৰে ভৰি পৰিল। যেন কোনোবাই কেৱল এখন ছবি মচি পেলোৱা নাই, আমাৰ হৃদয়ৰ এচুকত থকা এটা আবেগকো আঘাত কৰিছে। যেন আমাৰ বুকুৰ মাজৰ পৰা কোনোবা তেনেই আপোনজনক টানি আজুৰি আঁতৰাই লৈ গৈছে।
আমাৰ বাবে জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, কেৱল এজন শিল্পীও নহয়। তেওঁ এটা অনুভৱ, এটা যুগ, এটা আস্থা, যেন আত্মা। আমি ডাঙৰ হোৱা দিনবোৰত, আনন্দৰ ক্ষণত, দুখৰ নিশাত, প্ৰেমৰ মুহূৰ্তত..সকলোতে তেওঁৰ কণ্ঠই আমাক সংগ দিছে। তেওঁৰ গান শুনি বহুতে জীৱনৰ পথ বিচাৰি পাইছে, বহুতে ভঙা মন জোৰা লগাইছে।
সেয়েহে উৰণসেতুৰ গাত তেওঁৰ ছবিখন দেখিলে বহু মানুহে গৌৰৱ অনুভৱ কৰিছিল। লাগিছিল, এইজনেই আমাৰ মানুহ, এইজনেই অসমৰ গৌৰৱ, যাৰ নাম শুনিলে পৃথিৱীৰ যিকোনো প্ৰান্তত এজন অসমীয়াৰ বুকু গৰ্বেৰে ফুলি উঠে।
ছবিখন মচি পেলোৱা হ'ব পাৰে, কিন্তু জুবিন দাক কোনে মচি পেলাব? কোনে মচি পেলাব লাখ লাখ অনুৰাগীৰ হৃদয়ত জ্বলি থকা সেই দীপশিখা? কোনে মচি পেলাব সেই সুৰ, যি সুৰে অসমীয়াৰ আত্মাক আজিও জগাই ৰাখিছে?
দেৱালৰ ৰং এদিন ম্লান হ'ব পাৰে, ছবিও সলনি হ'ব পাৰে। কিন্তু মানুহৰ মৰম, শ্ৰদ্ধা আৰু ভালপোৱা কোনোদিনে শেষ হৈ নাযায়। জুবিন দা সেইসকল শিল্পীৰ মাজৰ এজন, যাৰ স্থান কোনো দেৱালত নহয়...তেওঁৰ স্থান মানুহৰ বুকুত।
আজিও অসমৰ প্ৰতিখন গাঁও, প্ৰতিখন চহৰ, প্ৰতিটো ঘৰত তেওঁৰ গান বাজে। আজিও কোনোবাই দুখ পালে তেওঁৰ গান শুনে, কোনোবাই সুখ পালে তেওঁৰ গান গায়। এয়া কেৱল এজন শিল্পীৰ জনপ্ৰিয়তা নহয়, এয়া এজন মানুহৰ প্ৰতি জাতিটোৰ অকৃত্ৰিম ভালপোৱা।
সেয়েহে ছবিখন নাইকিয়া হোৱাৰ খবৰ শুনি দুখ লাগিছে। কিন্তু তাৰো ওপৰত এটা বিশ্বাস আছে—জুবিন গাৰ্গক কোনো দেৱালত আঁকি ৰাখিব নালাগে। তেওঁ আগতেই অসমৰ মানুহৰ হৃদয়ত অমৰ হৈ আছে।
কিয়নো কিছুমান নাম ইতিহাসত লিখা থাকে,
আৰু কিছুমান নাম মানুহৰ হৃদয়ত।
জুবিন গাৰ্গ সেই হৃদয়ত লিখা নামবোৰৰেই এটা। এটাই প্ৰশ্ন মনৰ মাজত বাজি আছে.....
কোনে সেই ছবিখন মচিবলৈ আদেশ দিছিল ? তেওঁৰ এবাৰো অন্তৰে হাঁহাকাৰ কৰা নাছিলনে ?
যি কেইজনে সেই ছবিৰ ওপৰত বেলেগ ৰং সানিছিল, তেওঁলোকৰ হাত এবাৰৰ বাবেও কঁপা নাছিল নে ?
নে তেওঁলোক অসমৰ নহয় ?
নে অসমীয়া নহয়?■■■